মঙলদৈঃ দৰং জিলাৰ বাগডীয়া আৰু ৰাজাপুখুৰী এলেকাৰ পৰা আজি পুৱতি নিশা এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে তিনিটা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে  সিহঁতৰ কবলৰ পৰা ৩টা হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীৰ হাতত  কৰায়ত্ত হোৱা দুষ্কৃতিকাৰী তিনিটাক ক্ৰমে ৰাজাপুখুৰীৰ দুলাল হক(৩০), বাগডীয়াৰ আব্দুল বাৰেক (৩৪)অাৰু ৰাজাপুখুৰীৰ আবু তালেপ (২৯)বুলি জিলা আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে সদৰী কৰিছে ।

উল্লেখ্য যে দৰং জিলাত কিছুদিনৰ পৰা এটা সমাজবিৰোধী চক্ৰ সক্ৰিয় হৈ উঠিছে আৰু বিভিন্ন সমাজবিৰোধী কাৰ্যকলাপ কৰাৰ বাবে অপচেষ্টা অব্যাহত ৰাখিছে। দৰং জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিয়ে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰাত জিলাবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে।