72
মঙলদৈঃ দৰং জিলাৰ বাগডীয়া আৰু ৰাজাপুখুৰী এলেকাৰ পৰা আজি পুৱতি নিশা এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে তিনিটা দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱাৰ লগতে সিহঁতৰ কবলৰ পৰা ৩টা হস্তনিৰ্মিত বন্দুক জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা দুষ্কৃতিকাৰী তিনিটাক ক্ৰমে ৰাজাপুখুৰীৰ দুলাল হক(৩০), বাগডীয়াৰ আব্দুল বাৰেক (৩৪)অাৰু ৰাজাপুখুৰীৰ আবু তালেপ (২৯)বুলি জিলা আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে সদৰী কৰিছে ।