ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ সন্মুখত অটো চালক সন্থাৰ ধৰ্ণা৷ উচ্ছেদিত অটো ষ্টেণ্ড স্থায়ীকৰণৰ দাবীত এই ধৰ্ণা৷ বিগত দুবছৰৰপৰা প্ৰতি মাহে ৫০০০ টকা পৌৰ সভাই আদায় লৈ অহাৰ পিছতো অটো ষ্টেণ্ড উচ্ছেদ কৰাত খৰ্গহস্ত হৈ পৰি মঙলবাৰে অটো সন্থাই দুই শতাধিক সমৰ্থকে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷

দৰং জিলাৰ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত অহা যোৱাৰ সুবিধাৰ্থে বিগত ১০/১২ বচৰৰপৰা খাৰুপেটীয়া জিন বি ৰোডত চলি অহা অটো আস্থানখন যোৱা এসপ্তাহৰপৰা খাৰুপেটীয়া পৌৰ সভাই উচ্ছেদ কৰি দিয়াৰ পিছত চৰাঞ্চলৰ কৃষিজীৱী ৰাইজৰ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে টেট শিক্ষয়িত্ৰীৰ শিক্ষকতা কৰাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে৷ 

আস্থানখনৰ বাবে বিগত দুবছৰৰ পৰা পৌৰ সভাই এগৰাকী প্ৰাক্তন সভাপতিৰ জৰিয়তে মাহিলী ৫০০০ টকাকৈ লৈ অহাৰ পিছত হঠাৎ আস্থানখন উচ্ছেদ কৰি দিয়াত চালকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আজি শতাধিক অটো চালকে ছাত্ৰ সংগঠন আমছুৰ সহযোগত খাৰুপেটীয়া পৌৰ সভাৰ সন্মুখত এখনি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ তেওঁলোকৰ দাবী জি এন বি ৰোডতেই অতিশীঘ্ৰে এটি স্থায়ী অটো আস্থান স্থাপন কৰি দিব লাগে৷ অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে অটো চালক সন্থাই৷ 

উল্লেখ্য যে, দাবী পুৰণাৰ্থে ধৰ্ণা কাৰ্যসূচীটোত উপস্থিত দলগাঁও ৰাজহ চক্ৰ বিষয়া তথা খাৰুপেটীয়া পৌৰ সভাৰ কাৰ্যবাহী বিষয়া যুৱৰাজ বৰঠাকুৰক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে৷