খাৰুপেটীয়াঃ বসন্তৰ পৰশত কুলি কেতেকীৰ মাতত বহাগ আকৌ আহিল। ধূলিয়ৰি প্ৰকৃতি প্ৰাণ পাই উঠিল। বৰদৈচিলাৰ আগজাননীৰ পাছত বহাগৰ প্ৰথমজাক বৰষুণৰ স্পৰ্শত গছ-লতিকাও নতুন কুঁহি মেলিলে, গৰুৰ চালে মাত লগালে।
বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যৰ শিপিনীসকল ব্যস্ত তাঁত শালত। আন শিপিনীসকলৰ লগতে দৰঙৰ দলগাঁৱৰ শিপিনীসকলেও ব্যস্ত হৈ পৰিছে বিহু বুলি প্ৰিয়জনলৈ ভমকা ফুলিয়া গামোছা বোৱাত।
অসমীয়াৰ বিহুৰ মান জীয়াই ৰাখিবলৈ বিদেশী গামোচা যাতে স্থান নাপাই অসমীয়া গামোচা জীয়াই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি এই সকল মহিলাই এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে গামোচা বোৱাত।