ফখৰুল ইছলাম, দৰংঃ যোৱা বৰ্ষৰ দৰেই এইবাৰো নাম ভৰ্ত্তিক লৈ দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন। এঘণ্টাৰো অধিক সময় ধৰি চলিল এই প্ৰতিবাদী কাৰ্যসূচী।
দৰঙৰ খাৰুপেটীয়া, দলগাঁৱৰ সহস্ৰাধিক শিক্ষাৰ্থী উচ্চ শিক্ষাৰপৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে। বৃহত্তৰ অঞ্চলটোৰ ভিতৰত একমাত্ৰ খাৰুপেটীয়া কলেজত চাৰিশ ছাত্ৰ-ছাত্ৰীক নাম ভৰ্ত্তিৰ সুবিধা আছে যদিও অতিৰিক্ত ভাবে আৰু চাৰিশ ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰি মুঠ আঠশ শিক্ষাৰ্থীক নাম ভৰ্তিৰ ব্যৱস্থা কৰিছে কলেজ কৰ্তৃপক্ষই।