ফখৰুল ইছলাম, দৰংঃ যোৱা বৰ্ষৰ দৰেই এইবাৰো নাম ভৰ্ত্তিক লৈ দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন। এঘণ্টাৰো অধিক সময় ধৰি চলিল এই প্ৰতিবাদী কাৰ্যসূচী।

দৰঙৰ খাৰুপেটীয়া, দলগাঁৱৰ সহস্ৰাধিক শিক্ষাৰ্থী উচ্চ শিক্ষাৰপৰা বঞ্চিত হোৱাৰ আশংকাত ভুগিছে। বৃহত্তৰ অঞ্চলটোৰ ভিতৰত একমাত্ৰ খাৰুপেটীয়া কলেজত চাৰিশ ছাত্ৰ-ছাত্ৰীক নাম ভৰ্ত্তিৰ সুবিধা আছে যদিও অতিৰিক্ত ভাবে আৰু চাৰিশ ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰি মুঠ আঠশ শিক্ষাৰ্থীক নাম ভৰ্তিৰ ব্যৱস্থা কৰিছে কলেজ কৰ্তৃপক্ষই।

কিন্তু ছাত্ৰ-ছাত্ৰী অনুপাতে সেইখিনি আসন পৰ্যাপ্ত নহয়। মনকৰিবলগীয়া কথাটো হ’ল যে এইবাৰো এতিয়ালৈ স্নাতক প্ৰথম ষাণ্মাসিকত নাম ভৰ্তিৰ বাবে প্ৰায় পোন্ধৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে আবেদন জনাইছে যদিও আন্তগাঁথনি আৰু পৰ্যাপ্ত শিক্ষকৰ অভাৱত মেৰিট অনুযায়ী মাত্ৰ আঠশ শিক্ষাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত তীব্ৰ অসন্তোষ্টি দেখা দিয়াত মহাবিদ্যালয় ছাত্ৰ গোট, আমছু, মুছলিম ছাত্ৰ সন্থা, এন এছ ইউ আই, ইত্তেহাদ ফ্ৰণ্ট, সংখ্যালঘু সংগ্ৰাম পৰিষদকে আদি কৰি স্থানীয় সংগঠনসমূহে আজি সমূহীয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷

তেওঁলোকৰ কাৰ্যসূচীমতে আজি কলেজৰ গেটত তলাবন্ধ কৰাৰ কথা আছিল যদিও কলেজ প্ৰাংগনত কলেজ কৰ্তৃপক্ষই পূৰ্বৰে পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰি ৰখাত তলাবন্ধ কৰিব পৰা নাই প্ৰতিবাদকাৰীয়ে৷ পিছত প্ৰতিবাদকাৰীসকলে কলেজ গেটৰ দুৱাৰত শ শ প্ৰতিবাদীসকলে আমাৰ দাবী মানিবই লাগিব, বঞ্চিত ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তি কৰক, শিক্ষা বিভাগ হায় হায়, নতুনকৈ আৰু এখন মহাবিদ্যালয় স্থাপন কৰক, আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতি উত্তপ্ত কৰি তোলে৷

উল্লেখ্য যে, ষড়যন্ত্ৰমূলকভাৱে কলেজ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক নাম ভৰ্তিৰপৰা বিৰত কৰি উচ্চ শিক্ষাৰপৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনসমূহে৷ যোৱা বছৰৰ দৰে এইবাৰো পাঁচশতাধিক ছাত্ৰ-ছাত্ৰী নাম ভৰ্তিৰপৰা বঞ্চিত হৈছে৷ ইফালে, খাৰুপেটীয়া কলেজৰ অধ্যক্ষ ড৹ বুদ্ধিন চন্দ্ৰ হাজৰিকাই সংগঠন সমূহৰ অভিযোগ নাকচ কৰি কলেজত আন্তগাঁথনি আৰু শিক্ষকৰ অভাৱ থকাৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে। 

খাৰুপেটীয়া কলেজত মাত্ৰ ২৮ জন শিক্ষক শিক্ষয়িত্ৰী থকাৰ বিপৰীতে তিনিটাকৈ শিক্ষকৰ পোষ্ট খালি হৈ থকাত পাঠদান ব্যাহত হোৱাৰ কথা অৱগত কৰে। উল্লেখ্য যে, চৰকাৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে অধিক ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ সুবিধা দিলে কলেজৰ কোনো আপত্তি নাই বুলি জানিবলৈ দিলেও আশ্বস্ত হোৱা নাই স্থানীয় সংগঠন সমূহ। 

কলেজ কৰ্তৃপক্ষই স্থানীয় লোকৰ দাবীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি অতিৰিক্ত নাম ভৰ্তিৰ অনুমতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে যদিও কলেজৰ ছাত্ৰ গোটৰ আহবানত স্থানীয় সংগঠন সমূহে কলেজত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰাইজৰ প্ৰশ্ন যে মঙ্গলদৈ সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়া কলেজে অভিলেখ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অভাৱ পূৰণ কৰিবলৈ মংগলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াচ আলী দ্বয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নায়৷ 

প্ৰশ্ন হ’ল যোৱা বছৰৰ দৰে এইবাৰো উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ’ব নেকি ছাত্ৰ-ছাত্ৰী সকল? সংখ্যালঘু বসতি প্ৰধান দলগাঁৱৰ উচ্চ শিক্ষাৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ ফল ভূগিব লগা হৈছে নেকি শিক্ষাৰ্থী সকল? উল্লেখ্য যে, আজিৰ প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন সংগঠনৰ তৰফৰ আইনুদ্দিন আহমেদ, আব্দুৰ ৰহমান বিশ্বাস, মহম্মদ খলিফা, নুৰ ইছলাম, বাহাৰুল ইছলাম, আলেপ উদ্দিন, মাহবুবুল হক, আবুল কালাম আজাদ প্ৰমুখ্যে কেন্দ্ৰীয়  আৰু জিলা সমিতিৰ নেতৃবৰ্গই উপস্থিত থাকে৷