ফখৰুল ইছলাম, দৰংঃ এনআৰচি কৰ্তৃপক্ষৰ নাভুত নাশ্ৰুত কাণ্ড৷ সাত বছৰ বয়সৰ শিশুক Declared foreigner৷ উল্লেখ্য যে দৰঙৰ খাৰুপেটীয়াৰ নিকটবৰ্তী ২ নং মাগুৰমাৰি গাঁৱৰ জাবেদ আলী নামৰ এজন হাজিৰা কৰি খোৱা দুখীয়া লোকৰ সাত বছৰ বয়সৰ সন্তান তথা 'ক' মানৰ ছাত্ৰ আইজুদ্দিনক বিদেশী বুলি ঘোষণা কৰি জাননী প্ৰেৰণ কৰিছে৷
আবেদন পত্ৰ নং 10181325202149052202842 ত দিয়া শুনানীৰ জাননী উল্লেখ কৰিছে সাতবছৰীয়া আইজুদ্দিন Declared foreigner বুলি৷ ইয়াৰ পুৰ্বে খাৰুপেটীয়াৰ নিকটৱৰ্তী ওজাগাঁও পঞ্চায়তৰ বলোগড়া গাঁৱৰ আন এগৰাকী সাত/আঠ বছৰীয়া কিশোৰীৰ নামত অনুৰূপ ঘটনা সংঘটিত হৈছিল৷
পুনৰ এনআৰচি কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ স্বীকাৰ হৈছে আন এটি সাত বছৰীয়া শিশু৷ শিশু আইজুদ্দিনৰ পিতৃ বা বংশৰ কোনো এজন লোকৰ নামত কোনো বিদেশী জাননী অহা নায়৷ ইয়াৰোপৰি পৰিয়ালটোত কোনো এজন ডি ভোটাৰ নাই বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে৷ প্ৰথম আৰু চূড়ান্ত খচৰাত নাম আছে পৰিয়ালৰ লগতে শিশুটোৰ তৎসত্বেও কিয় পৃথিৱীৰ একো বস্তুৱে বুজি নোপোৱা এই শিশুৰ নামতো এনআৰচি কৰ্তৃপক্ষই কাৰণত D F ৰ জাননী জাৰি কৰি চূড়ান্ত হেমাহিৰ পৰিচয় দাঙি ধৰিছে৷
ঘটনাটোক লৈ বৰ্তমান পৰিয়ালটো শংকিত হৈ পৰিছে৷ লিখা পঢ়া নজনা এই দৰিদ্ৰ পৰিয়ালটোৱে শিশুটোৰ কাৰণে যোৱা ৫ /৭ /১৯ তাৰিখে টকা পইচা খৰছ কৰি এজন অধিবক্তাৰ জৰিয়তে পুনৰ আবেদন পত্ৰ পুৰণ কৰি শুনানী কেন্দ্ৰত উপস্থিত হয়৷ শুনানি কেন্দ্ৰ মংগলদৈত উপস্থিত হোৱাৰ বাবে দুটা ভাড়া গাড়ীৰ বাবদ আৰু অন্যান্য খৰছেৰে মুঠ প্ৰায় আঠ হাজাৰ টকা খৰছ কৰিবলগীয়া হয়৷
পৰিয়ালটোৰ লগতে আত্মীয় আৰু ৰাইজে অবুজ শিশুটোৰ নামত পৰিয়ালক অযথা হাৰাশাস্তি নকৰি চূড়ান্ত খচৰাত শিশুটিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দৰং জিলা উপায়ুক্তক আৰু বিভাগীয় কৰ্মচাৰী লগতে সমন্বয়ক প্ৰতিক হাজেলাক দাবী জনায়৷ লগতে এই শিশুৰ দৰে অন্য নিৰীহ পৰিয়ালৰ শিশুৰ এনে অৱস্থা নহয় তাৰ বাবে সু-দৃষ্টি ৰাখিবলৈ প্ৰতীক হাজেলাক অনুৰোধ জনাইছে৷ আনহাতে, পৰিয়ালটোৱে এন আৰ চি কৰ্মচাৰী তথা কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কয় যে মাত্ৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি লৈ এই হাৰাশাস্তি কৰা হৈছে৷
এতিয়া ৰাইজৰ প্ৰশ্ন এয়াই যে এনেধৰণৰ নাভুত নাশ্ৰুত কাণ্ডই বহু দুখীয়া পৰিয়ালক মানসিক, আৰ্থিক আৰু শাৰিৰীক ভাৱে হাৰাশাস্তি কৰি থকা কাৰ্য আৰু কিমান সহিব লাগিব ?? এজন প্ৰকৃত ভাৰতীয় হৈয়ো ইমান জুলুম আৰু কিমান দিন চলিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে?