দৰংঃ ৰাজ্যত চিকিৎসা বিজ্ঞান, চিকিৎসা খণ্ডত আমূল পৰিৰ্বতনৰ জোঁৱাৰৰ শ্ল’গান চলি থকাৰ সময়তে দৰঙৰ দলগাঁৱৰ ঢেকেৰীগাঁৱত আবিৰ্ভাৱ ঘটিছে এজন মুন্না ভাই এম বি এছ ৰূপী চিকিৎসকৰ৷ নিজকে এম বি বি এছ বুলি পৰিচয় দিয়া এইজন চিকিৎসকে মেডিকেল ডিগ্ৰী ডিপ্লমা নাথাকিলেও ডিগ্ৰীধাৰী চিকিৎসক সকলতকৈয়ো বেছি অভিজ্ঞতা আছে বুলি গাই ফুৰে মুন্না ভাই ৰূপী চিকিৎসক জিয়াউৰ ৰহমানে৷ 

দলগাঁৱৰ ঢেকেৰীগাঁৱত অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীত নাৰ্ছিং হোম খুলি লৈ এজন ডিগ্ৰীধাৰী চিকিৎসকৰ দৰেই দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আহিছে জিয়াউৰে৷ আনহাতে, মুন্না ভাই জিয়াউৰৰ চিকিৎসা পদ্ধতিত আয়ুৰ্বেদিক এলোপেথিক কোনো পদ্ধতিয়েই বাদ নাই৷ সকলো পদ্ধতিৰেই চলাই ৰোগীৰ ওপৰত পৰীক্ষা নিৰীক্ষা৷ কিন্তু জানিব পৰা মতে বেমাৰীক চিকিৎসা কৰিবলৈ জিয়াউৰৰ নাই আয়ুৰ্বেদিক আৰু এল’পেথিক চিকিৎসা কৰিবলৈ কোনো ডিগ্ৰী৷ 

বিশ্বনাথত এগৰাকী চিকিৎসকৰ ঘৰত কেইবছৰ মান থাকি সাধাৰণ চিকিৎসা শিকিছিল জিয়াউৰে৷ তাৰ পিছত নিজকে মুন্না ভাই এম বি বি এছ ৰূপে গঢ়ি তুলে নিজকে৷ বায়নৰ ঘৰৰ বোন্দায়েও ৰাগ টনাৰ দৰে জিয়াউৰে দলগাঁৱলৈ আহি লাভ কৰা অভিজ্ঞতাৰে চিকিৎসা বৃত্তি আৰম্ভ কৰিছে৷ আন কি আজি কালি সৰু সুৰা চাৰ্জাৰীৰ কামো কৰা আৰম্ভ কৰা বুলি জনিব পৰা গৈছে৷ এইগৰাকী মুন্না ভাই চিকিৎসকে জনোৱা মতে চৰকাৰীৰ চিকিৎসালয়ৰপৰা উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰা ৰোগীকো তেওঁ চিকিৎসা কৰে৷ 

এতিয়া প্ৰশ্ন হয় ফাৰ্মাছীৰ অনুজ্ঞাপত্ৰ চিকিসা সম্পৰ্কীয় শিক্ষা বা অনুজ্ঞাপত্ৰ নথকা পিছতো কি দৰে বছৰৰ পিছত বছৰ ধৰি দলগাঁও অঞ্চলত ভুৱা এম বি বি এছ ৰূপী চিকিৎসকে কেনেকৈ চলাই আহিছে এই ৰমৰমীয়া বেহা? এনেদৰে এজন ভুৱা চিকিৎসকে বছৰ বছৰ ধৰি চিকিৎসা কৰি অবৈধভাৱে অঞ্চলটোত লুণ্ঠন চলাই আহিছে আৰু সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাও ধৰা বিষয়টো হৈছে লক্ষণীয় আৰু ভাবিবলগীয়া কথা৷ এইজন মুন্না ভাই এম বি বি এছ ৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই অনাগত দিনত কেনেদৰে   ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষনীয় বিষয়৷