newsnextone.com | খাৰুপেটীয়াঃ অসমত ড্ৰাগছ, ধোৱা বিহীন ধপাত, মদৰ অবাধ প্ৰচলন অব্যাহত থকা বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে। একাংশ যুৱকে দিনে-নিশাই এনে দ্ৰব্যৰ নিচাত ডুবি থকাৰো অভিযোগ উত্থাপিত হৈ আহিছে৷ দিনক দিনে ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে৷ 

কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে ধপাত, ড্ৰাগছ, ধোৱা বিহীন ধপাতৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰ চলাই ৰাইজক সচেতন কৰাৰ চেষ্টা চলাই গৈছে যদিও তেনে সময়তে অসমত কেইবাখনো জিলাৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ব্যাপক প্ৰচলনে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ বৰবিহ স্বৰূপ ড্ৰাগছে কোঙা কৰি পেলাইছে বিভিন্ন জিলাৰ অলেখ যুৱকক৷ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ 

তাৰ মাজতে দৰং জিলাৰ ধুলাত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী তাহিৰ হুছেইন আৰু ছাজিদুৰ ৰহমান আৰক্ষীৰ জালত পৰে৷ দুই ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে বৃহস্পতিবাৰে ৰেলত উঠি বৰিঃৰাজ্যলৈ যাবলৈ সাজু হোৱাৰ সময়তে গোৱালপাৰা ৰেল ষ্টেচনত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। খাৰুপেটীয়াৰ নাগেশ্বৰৰ তাহিৰৰ ঘৰৰ পৰা যোৱা মাৰ্চ মাহত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় টেবলেট৷ আৰক্ষীৰ অভিযানকালত পলাবলৈ সক্ষম হৈছিল তাহিৰ আৰু ছাজিদুৰ৷