Home ৰাজ্যছচিয়েল মিডিয়াত উত্তজনামূলক আপডেট দি জালত পৰিল NSUI প্ৰাক্তন নেতা সহ দুই

ছচিয়েল মিডিয়াত উত্তজনামূলক আপডেট দি জালত পৰিল NSUI প্ৰাক্তন নেতা সহ দুই

by News Desk
55 views
A+A-
Reset

newsnextone.com | মঙলদৈঃ ছচিয়েল মিডিয়াত এটি বিশেষ জনগোষ্ঠীৰ বিৰুদ্ধে বিভিন্ন অপমানসূচক-আপত্তিজনক পোষ্ট দি পৰিবেশ বিনষ্ট কৰিব বিচৰাৰ অভিযোগ উত্থাপন গৈছে৷ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকে এটি জনগোষ্ঠীৰ বিৰুদ্ধে পোষ্ট দি অহাত পৰিবেশ অইন দিশে গতি কৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷

বিশেষকৈ দৰং জিলা আৰক্ষীয়ে বিশেষ নজৰ দি ইতিমধ্যে তিনিজনকৈ যুৱকক আটক কৰিছে৷ দৰং জিলা আৰক্ষী অধীক্ষক শ্ৰী জিৎ ট্ৰীয়ে জানিবলৈ দিয়া মতে, জিলা খনৰ একাংশ যুৱকৰ ওপৰত নজৰ ৰখা হৈছে৷ দেওবাৰে ছিপাঝাৰ থানাৰ অন্তৰ্গত কেন্দুগুৰি গাঁৱৰ শুভজিৎ শৰ্মা ওৰফে শুভ্ৰজিৎ কাশ্যপ আৰু মঙলদৈৰ বলোপৰাৰ মহেশ্বৰ দাসৰ পুত্ৰ প্ৰদীপ দাসক আটক কৰা হৈছে৷ দুয়োজনে পৰিবেশ দূষিত কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে৷ শিশু অপহৰণৰ ভুৱা খবৰ ফেচবুকত আপলোড কৰাৰ লগতে হোৱাটছএপ গ্ৰুপত উত্তজনামূলক মন্তব্য প্ৰকাশ কৰিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0