দৰং,ফখৰুল ইছলামঃ দৰঙত এতিয়াও উন্নত হোৱা নাই বান পৰিস্থিতিৰ। যিফালেই চোৱা যায় সিফালেই মাথো পানী আৰু পানী। নদী নহয়, যেন মহাসাগৰ হে। ৰাজ্যজুৰি সৃষ্টি হোৱা এনে জল-প্ৰলয়ত দিশহাৰা হৈছে চৰ-চাপৰীত বাস কৰা বান প্ৰভাৱিত লোক সকল।
দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ চৰ এলেকাটোৰ কেইবাটাও আশ্ৰয় শিবিৰত আজি দলগাঁও প্ৰেছ ক্লাবৰ সদস্যসকলে শিশুৰ বাবে প্ৰয়োজনীয় খাদ্য, বিশুদ্ধ খোৱাপানী, মম আদি সামগ্ৰী বিতৰণ কৰে। জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজৰ নেতৃত্বত দহজনীয়া সাংবাদিক দলটোৱে পুৱা ১০ বজাত ভুটভুটি নাৱেৰে ব্ৰহ্মপুত্ৰৰ সুঁতিৰে যাত্ৰা কৰি সাহাৰ্য্য সামগ্ৰী সমূহ বিতৰণ কৰে।