মঙলদৈঃ মঙলদৈৰ এগৰাকী ১৬ বছৰীয়া যুৱকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’ব লগা হয়৷ মঙলদৈ চহৰৰ ২নং ৱাৰ্ডৰ তনবীৰ আলম খুৰচিদ নামৰ যৱকজন যোৱা কিছুদিন ধৰি জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত তেওঁৰ আজি মৃত্যু হয়৷
তনবীৰৰ মৃত্যুৰ পাছতে স্বাস্থ্য বিভাগৰ বিৰুদ্ধে আঙুলি উঠাবলৈ আৰম্ভ কৰিছে চহৰখনৰ লোকসকলে৷ জিলাখনত যোৱা কেইটামান দিনৰ ভিতৰত মুঠ চাৰিজন লোকে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে যদিও স্বাস্থ্য বিভাগক সষ্টম হৈ পৰা দেখা যোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ দৰং জিলাৰ দিঘিৰপাৰৰ নগৰবাহী আৰু পিপৰাদোকানৰ বৰনগাঁৱৰ তিনিগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে।