দৰংঃ দৰঙৰ শ্যামপুৰ থানাৰ অন্তৰ্গত ৰৌমাৰী বজাৰত নিশা ৰাইফল, মেগজিন, চাইকেল আদি গাঁওৰক্ষী বাহিনীৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ এই মাৰণাস্ত্ৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি ছহীদুল ইছলামে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে নিশা শ্যামপুৰ আৰক্ষীয়ে তেওঁলোকক চোৰাং চিকাৰী অহাৰ কথা সম্ভেদ পাই সতৰ্ক হৈ থাকিবলৈ কয় আৰু আৰক্ষীয়েও সতৰ্কতা অৱলম্বন কৰি অভিযানত নামি পৰে৷
গাঁওৰক্ষী বাহিনীয়ে বদলিবৰালী বজাৰৰ দিশে গৈ থকা অৱস্থাত চোৰাং চিকাৰীৰ মুখামুখি হয় আৰু চোৰাং চিকাৰী দলটো পহৰাদাৰি দলটোক দেখা পাই অস্ত্ৰ-শস্ত্ৰ সমুহৰ লগতে এটা চাইকেল থৈ পলায়ন কৰে৷
চোৰাং চিকাৰীৰ দলটোৱে অনা পালচাৰ মটৰ চাইকেল লৈ উধাও হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য সংগ্রহৰ বাবে আৰু চোৰাং চিকাৰী আটক কৰিবলৈ জোৰদাৰভাৱে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰ কৰা পৰিকল্পনা আছিল চোৰাং চিকাৰী দলটোৰ।