দৰংঃ অল ইণ্ডিয়া ইমাম কাউন্সিলৰ অসমৰ সৌজন্যত আৰু দৰং জিলা শাখাৰ উদ্যোগত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে৷ দেওবাৰে দৰঙৰ খাৰুপেটীয়াৰ বলোগড়াস্থিত নৱৰত্ন জাতীয় বিদ্যালয়ত আয়োজিত সাহাৰ্য্য প্ৰদান অনুষ্ঠানত দৰং জিলাৰ বিভিন্ন বিদ্যালয়ৰ কিছুসংখ্যক দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত নিম্নতম হাজাৰৰো অধিক টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়৷
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অল ইণ্ডিয়া ইমাম কাউন্সিলৰ পশ্চিম বংগ ৰ সভাপতি মিনাৰুল শ্বেইখ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আই এচ আৰ এ ৰ সঞ্চালক নুৰুল আমিন, ৰাজ্যিক ইমাম কাউন্সিলৰ সভাপতি মুৰ্তাজা হুছেইন কাছিমী, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, ৰাজ্যিক ইমাম কাউন্সিলৰ উপ সভাপতি মুস্তাক আহমেদ কাচিমী, সম্পাদক হাইদৰ আলী, ওসমান গণি, দৰং জিলাৰ সভাপতি ছামচুল হক আৰু সাধাৰণ সম্পাদক জাহিদুল ৰহমান৷