96
ফখৰুল ইছলাম,দৰংঃ বৰ লুইতৰ বাঢ়নী পানীয়ে দলগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন অঞ্চল পুনৰ পানীয়ে বুৰাই পেলাইছে৷ সমষ্টিটোৰ বানাক্ৰান্ত সকলে দিশহাৰা হৈ পৰিছে।
ব্ৰহ্মপুত্ৰৰ লগতে ধনশিৰি নৈয়ে নিদ্ৰাহৰণ কৰিছে কেইবাখনো গাঁওবাসীক। নৈ খনৰ বাঢ়নী পানীৰ কোবাল সোঁতত খহাই নিছে ঘৰ-বাৰী। খহনীয়াৰ কবলত পৰিছে শ্যামপুৰ পঞ্চায়তৰ নদীৰপাৰ নামৰ গাঁওখনত থকা ১ নং উত্তৰ নদীৰপাৰ প্ৰাথমিক বিদ্যালয়।