দৰংঃ সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত শতকৰা ৮০ শতাংশৰ উৰ্ধ নম্বৰ লাভ কৰি সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা দুই শতাধিক ছাত্ৰ-ছাত্ৰীক দৰঙৰ খাৰুপেটীয়া অসম ক্লাব আৰু খাৰুপেটীয়া মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত পৃথকে পৃথকে সম্বৰ্ধনা জনোৱা হয়৷
দৰঙৰ খাৰুপেটীয়াৰ স্বেচ্ছাসেৱী অনুষ্ঠান অসম ক্লাবৰ উদ্যোগত আৰু খাৰুপেটীয়া মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত দেওবাৰে পৃথকভাৱে অসম ক্লাব আৰু তেৰাপন্থ ভৱন প্ৰেক্ষাগৃহত দুইশ আশী গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচা, আৰু মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷