ফখৰুল ইছলাম, দৰংঃ এন আৰচিৰ প্ৰকাশিত বাদ তালিকাত নাম নথকাৰ বাবে দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী শ্যামপুৰ থানৰ অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আবুল কালামৰ কন্যাই বুধবাৰে আত্মহত্যা কৰে৷
দৰঙৰ দলগাঁও সমষ্টিৰ শ্যামপুৰ গাঁও পঞ্চায়ত অন্তৰ্গত ৰৌমাৰী চাপৰিৰ আঃ কালামৰ ১৩ বছৰীয়া কন্যা নুৰনেহাৰা বেগমৰ নাম যোৱা কিছুদিন আগতে ওলোৱা খচৰাত নহাৰ পিছৰ পৰাই চিন্তিত হৈ আছিল যদিও বুধবাৰে এনআৰচিৰ অতিৰিক্ত কৰ্তন খচৰাত নাম নোলাৱাত ভুল বুজা বুজিৰ বাবে মাক দেউতাকক NSK পঠিয়াই দিয়ে।