
খাৰুপেটীয়াঃ দৰং জিলাৰ শ্যামটিলা বজাৰত মঙলবাৰে মাজনিশা সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত সম্পুৰ্ণভাৱে ভস্মীভুত হয় দহখনৰো অধিক দোকান। ক্ষতিগ্রস্ত ব্যৱসায়ী আৰু অঞ্চলটোৰ যুৱক জিয়াউল হক আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৱাইদুল্লাই জানিবলৈ দিয়া মতে নিশা দোকান বন্ধ কৰি ঘৰমুৱা হোৱাৰ পাছত প্ৰায় ১১ মান বজাত হঠাত দোকানসমূহত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ফোনত জানিবলৈ পায়।
ঘটনাস্থলীত ওচৰ-চুবুৰীয়া বহু লোক সমাগম ঘটে আৰু দেৰিকৈ হ’লেও দোকানীসকলো ঘটনাস্থলীত উপস্থিত হয় যদিও দোকানবোৱত গেছ চিলিণ্ডাৰ থকাৰ বাবে জুই নুমুৱাবলৈ সাহস নকৰিলে।
ঘটনাৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে ছাহেদ আলী, মুস্তাফা আলী, ৰফিকুল ইছলাম, গুলজাৰ আলী, মুস্তাফিজুৰ ৰহমান, নাছিৰ আলী, আনোৱাৰ হুছেইন খান, মানিক দাস, মুজাহাৰুল, হান্নান আলী, ৰমিজ আলীসহ ১৩ জনৰ দোকান জুইত সম্পূৰ্ণভাৱে জাহ যায়। কাপোৰ, বেটাৰী, গেলামাল, ষ্টশ্বনাৰী, চাইকেল, কম্পিউটাৰ, আদি দোকানত কোটি টকাৰ বস্তু সামগ্ৰী জুইত জাহ যায় বুলি দোকানীসকলে জানিবলৈ দিয়ে।
উল্লেখ্য যে নিশা দোকান বন্ধ কৰি থৈ যোৱাৰ পাছত হঠাত কি কাৰণত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হল কোনেও ষ্পষ্টকৈ ক’ব নোৱাৰিলেও বহুতেই কাৰেণ্ট শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি জানিবলৈ দিয়ে। ইফালে ক্ষতিগ্রস্ত দোকানীসকলে অভিযোগ কৰা মতে শ্যামটিলা জিলা পৰিষদৰ নিৰ্দলীয় সদস্য হুমায়ূন কবীৰৰ বাদে এতিয়ালৈকে কোনো এজন প্ৰতিনিধিয়ে এই দুৰ্যোগৰ খবৰ লোৱা নাই। চৰকাৰে ক্ষতিগ্রস্ত দোকানীসকলৰ সম্পূৰ্ণ ক্ষয়-ক্ষতি সন্দৰ্ভত তদন্ত মৰ্মে ক্ষতিগ্ৰস্ত দোকানীসকলক এককালীন সাহায্য প্ৰদান কৰিব লাগে বুলি ৰাইজে দাবী কৰে।