দৰংঃ আজি দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বালিকেম্পৰ আশে পাশে দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজৰ নেতৃত্বত আৰু কেইবাগৰাকী মান সাংবাদিকৰ সহযোগত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বালি কেম্পত সাংবাদিকৰ দলটোৱে বিভিন্ন গছ পুলি ৰোপণ কৰাৰ পিছত দলগাঁৱৰ জ্যেষ্ঠ সাংবাদিক আব্দুল আজিজে কয় যে গছ থাকিলে হে মানুহ থাকিব৷ বৰ্তমান গছ গছনিৰ সংখ্যা কমি গৈ বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈ আছে৷ লগতে গোলকীয় উঞ্চতা বৃদ্ধি পাই আছে৷ সম্ভাৱ্য এই ভয়ংকৰ বিপদৰপৰা পৰিত্ৰাণ পাবলৈ অসংখ্য গছ পুলি ৰোপণ কৰি সংৰক্ষণ কৰাৰ বাবে সচেতন মহলক আহ্বান জনায়।
আজিৰ গছ পুলি ৰোপন কাৰ্যসূচীত বেছিমাৰী, দলগাঁও আৰু খাৰুপেটীয়াৰ সংবাদিক সকল উপস্থিত থাকে৷
ফখৰুল ইছলাম,দৰং