দৰংঃ দৰঙৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত খাৰুপেটীয়া আছাম ক্লাৱৰ প্ৰেক্ষাগৃহত মঙলবাৰে আয়োজিত ৭০ তম গাঁও ৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক আৰু মহিলা গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদকৰ লগতে পাঁচশতাধিক লোক উপস্থিত থাকে৷
সভাত দৰং জিলাৰ উপ-আৰক্ষী অধীক্ষক মামনি হাজৰিকা, খাৰুপেটীয়া কলেজৰ অধ্যক্ষ বুদ্ধিন চন্দ্ৰ হাজৰিকা প্ৰমুখ্যে কেবাজনো প্ৰশাসনিক বিষয়া উপস্থিত থাকি গাঁও অঞ্চলত অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীয়ে ল’বলগীয়া সাৱধানতা, সচেতনতাৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে৷ সভাত গাঁওৰক্ষী বাহিনীৰ প্ৰয়োজনীয় টৰ্চ, কম্বল, লাঠি আদি সামগ্ৰী সমূহ অতি সোনকালে যোগান ধৰিবলৈ উপস্থিত গাঁওৰক্ষী বাহিনীৰ লোকে দাবী উত্থাপন কৰে৷