ফখৰুল ইছলাম, দৰংঃ এগৰাকী বিধবা মহিলাৰ এক ব্যতিক্ৰমী প্ৰয়াস৷ মৃত স্বামীৰ নাম স্মৰণীয় কৰি ৰখাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিল বিধবা মহিলা গৰাকীয়ে৷ 

দৰং জিলা শিক্ষা বিভাগৰ এগৰাকী প্ৰকল্প বিষয়া হিচাবে দুবছৰ পূৰ্বে কৰ্মৰত আছিল মহিলা গৰাকীৰ প্ৰয়াত স্বামী সঞ্জীৱ বৰা৷ বিগত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে চৰাইদেউলৈ বদলি হৈছিল তেওঁ৷ পঞ্চায়ত নিৰ্বাচনৰ সময়ত বিষয়াজনে দায়িত্ব পালন কৰি থকা অৱস্থাত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল৷

তাৰ কিছুদিন পিছত বিধবা পত্নী পল্লবী বৰা নেওগৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল সঞ্জীৱ বৰা ছ’চিয়েল অৰ্গেনাইজেছন শোনিতপুৰ নামৰ এটা স্বেচ্ছাসেৱী সংস্থা৷ এই সংস্থাটোৰ উদ্যোগত দৰং জিলাৰ শিক্ষাত পিছ পৰি থকা পুৱ মংগলদৈৰ অঞ্চলটোৰ বালাবাৰী হাই মাদ্ৰাছাত গ্ৰীষ্মকালীন পাঠদানৰ কাৰ্যসূচী হাতত লয়৷ কাৰ্য্যসূচী মতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুন্তাজ আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভা৷ 

তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মংগলদৈ কলেজৰ অৱসৰী অধ্যাপক বিজয় শৰ্মা৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে, মংগলদৈ বিদ্যাপীঠৰ প্ৰধান শিক্ষয়িত্ৰী মুনমুন দত্ত, বালাবাৰী হাই মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষক মতলিব উদ্দিন আহমেদ, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ দাস, শিক্ষক নিলমনি কলিতা, জ্যেষ্ঠ সাংবাদিক মেচেৰ আলী প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোক৷

অতিথি সকলে শিক্ষামূলক এই প্ৰচেষ্টাক শলাগ লয় আৰু ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনা আৰু নৈতিক আৰু ছাত্ৰ জীৱন বিকাশৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্বৰ ওপৰত আলোকপাত কৰি বহুমূল্যবান বক্তব্য আগবঢ়ায়৷

অসমৰ প্ৰত্যেকখন ভিতৰুৱা পিছপৰা অঞ্চলত প্ৰত্যেক বছৰে একো একোটা বিদ্যালয় বাচি লৈ প্ৰত্যেক গ্ৰীষ্মকালীন বন্ধৰ সময়ত কঠিন বিষয় সমূহ যেনে বিজ্ঞান, গণিত আৰু ইংৰাজী আদি বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ কথা প্ৰয়াত সঞ্জীৱ বৰাৰ বিধবা পত্নী পল্লৱী বৰা নেওগে সাংবাদিকক জানিবলৈ দিয়ে৷

পাঠদানৰ শুভাৰম্ভৰ পূৰ্বে প্ৰয়াত সঞ্জীৱ বৰাৰ প্ৰতিচ্ছবিত পত্নী পল্লৱীৰ লগতে অতিথি সকলে বন্তি জ্বলাই আৰু মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত পৰিবেশন কৰে৷

উল্লেখ্য যে, অনুষ্ঠানটোত সংস্থাটোৰ উদ্যোগত শিক্ষক সাহিত্যক, লেখক নিলমনি কলিতা আৰু নজৰুল ইছলাম দ্বয়ক একোখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সংস্থাটোৱে৷ অনুষ্ঠানটোৰ পৰিচালনা কৰাত আত ধৰে শিক্ষক খুৰ্শিদ আলমে৷ এগৰাকী বিধবা মহিলাৰ শিক্ষা উন্নয়নৰ এনে ব্যতিক্ৰমী চিন্তা ধাৰাক সকলোৱে প্ৰশংসা কৰে৷