ফখৰুল ইছলাম, দৰংঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে শুকুৰবাৰে দৰঙতো পঞ্চম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। পতঞ্জলী যোগ সমিতি আৰু বিবেকানন্দ যুৱ কেন্দ্ৰৰ সহযোগিতাত মঙ্গলদৈৰ বহুতৰপীয়া পাৰ্কিং স্থানত অনুষ্ঠিত কৰা জিলা জিলা পৰ্যায়ৰ যোগাসন অনুষ্ঠানত মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা উপায়ুক্ত ঘনশ্যাম দাস, অতিৰিক্ত উপায়ুক্ত সকল প্ৰমূখ্যে জিলাখনৰ বহু বিশিষ্ট ব্যক্তি, বেচৰকাৰী সন্থা তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।
অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে অংশগ্ৰহন কৰা পশ্চিম মঙ্গলদৈ যোগ কলেজৰ অধ্যক্ষ দত্ত প্ৰতাপ শৰ্মাই কয় যে, যোগাভ্যাসে বহু কঠিন ৰোগ নিৰাময় কৰাৰ লগতে মন তথা আত্মা শুদ্ধ কৰে। সেয়ে তেওঁ জিলাবাসীক যোগাভ্যাস গঠনৰ বাবে আহ্বান জনায়।