তেজপুৰ, অপুৰ্ব বৰাঃ অসমৰ উত্তৰ পাৰৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্থা (এলুমনি এচছিয়েচন) গঠন হৈছিল ১৯৯৫ চনতে। বৰ্তমানে এই সন্থাক অধিক সক্ৰিয় কৰি তুলি সন্থাৰ জৰিয়তে কেতবোৰ শৈক্ষিক বিদ্যায়তনিক কাৰ্যসূচী গ্ৰহণ কৰাৰ মানসেৰে আৰু আন্ত:গাঁথনিৰ ক্ষেত্ৰতো নিজাববীয়াকৈ কিছু পদক্ষেপ গ্ৰহণৰ বাবে দেওবাৰে দিনটোতো বহু সতীৰ্থই পঞ্জীয়নৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন অনুষ্ঠিত কৰি দৰং মহাবিদ্যালক নতুন মাত্ৰ প্ৰদান কৰিছে।
প্ৰাক্তন দৰঙিয়ানক উক্ত দিনা উপস্থিত থাকি সকলো সহযোগিতা আগবঢ়াবলৈ সক্ষম হয়। দেওবাৰে দৰং মহাবিদ্যালয়ত দৰং মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাৰ উদ্যোগত আয়োজন কৰা প্ৰাক্তন দৰঙীয়ান সতীৰ্থ সন্মিলন লগতে প্ৰাক্তন ছাত্ৰ তথা তেজপুৰৰ বিধায়কবৃন্দাবন গোস্বামীয়ে কিছু মূহুৰ্তৰ বাবে যোগদান কৰি অভিভুত হৈ পৰে৷ অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে নৃত্য গীত পৰিবেশন কৰে।