newsnextone.com | ডিজিটেল ডেস্কঃ আশাৰাম বাপু, গুৰমিত ৰাম-ৰহিমৰ ধৰ্ণৰ কাণ্ডৰ পিছত এইবাৰ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আন এগৰাকী বাবাৰ বিৰুদ্ধে৷ স্ব-ঘোষিত গডৰ প্ৰতাৰণাৰ বলি হৈছিল নিজৰেই ভক্ত৷ ধৰ্ষণ যৌন নিৰ্যাতন চলোৱা হৈছিল ভক্তক৷ দুজনকৈ বাবা আশাৰাম বাপু, গুৰমিত ৰাম-ৰহিম ধৰ্ণৰ কাণ্ডৰ দোষী সাব্যস্ত হৈ জেলত থাকিব লগা হয়৷ এইবাৰ এনে বাবাৰ সৈতে নাম সাঙুৰ খাই পৰিল আন এগৰাকী বাবাৰ নাম৷ তেওঁ হৈছে দাতি মহাৰাজ৷
ৰাজস্থান অলৱাসৰ দাতি মহাৰাজৰ আশ্ৰমত ৭০০ মহিলা আছিল৷ তাকেই ১০০গৰাকী উদ্ধাৰ কৰা হৈছে যদিও ৬০০ গৰাকীক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই৷ দুবছৰ পূৰ্বে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে কিছুদিন পূৰ্বে৷ অভিযুক্ত মহিলাই দাবী কৰিছিল মহাৰাজে আশ্ৰমৰ একাধিক মহিলাক সৈতে যৌন নিৰ্যাতন চলাই৷ এই অভিযোগ উত্থাপন হোৱাৰ পিছৰে পৰা বাবাই আশ্ৰম এৰি পলায়ন কৰে৷