ডিজিটেল ডেস্কঃ এসময়ৰ দুৰ্ধৰ্ষ ডন ডাউদ ইব্ৰাহিমে ভাৰতলৈ উভতি আহিব খোজাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ ডাউদৰ অধিবক্তাৰ মতে, কুখ্যাত অপৰাধী ডাউদে চৰ্ত সাপেক্ষে দেশলৈ উভতি আহিব খোজে যদিও দেশৰ চৰকাৰে মান্তি হ’ব খোজা নাই৷ ডাউদ ইব্ৰাহিমৰ অধিবক্তা শ্যাম কেচৱানীয়ে কিছু চৰ্ত সাপেক্ষে দেশলৈ উভতি আহিব খোজে বুলি কয়৷
কিন্তু তেওঁৰ চৰ্ত চৰকাৰে মানি লব নোখোজে তাৰ ফলত ডাউদ দেশলৈ উভতি নাহে৷ দাউডৰ ভাতৃ ইকবাল ইব্ৰাহিমৰ বিৰুদ্ধে চলি থকা গোচৰৰ শুনানিৰ কালত মুম্বাইৰ থানেত উপস্থিত হোৱাৰ সময়ত অধিবক্তা কেচবনায়ী কয়, ডাউদৰ মতে ভাৰতৰ সকলোতকৈ সুৰক্ষিত জেল মুম্বাইৰ আৰ্থাৰ ৰোডৰ জেলত তেওঁ থাকিব খোজে৷