newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰায় ৪ বছৰে এগৰাকী পিতৃয়ে যৌন নিৰ্যাতন চলাই আহিছে নিজ কন্যাক৷ এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ এনে লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে থিয় দিছে পত্নীয়ে। পত্নী আৰু বিদ॥ালয়ৰ পৰিচাৰিকাৰ অভিযোগৰ ভিত্তিত সোমবাৰে গাজিয়াবাদৰ ইন্দিৰাপুৰ আৰক্ষীয়ে আটক কৰে পাষণ্ড ব্যক্তিজনক৷ 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ আৰম্ভণিতে চাকৰি হেৰুৱায় নৰেন্দ্ৰ নেগি নামৰ ব্যক্তিজনে৷ তাৰ পিছৰে পৰা নিজ কন্যাক যৌন নিৰ্যাতন কৰিবলৈ ধৰে আৰু ক্ৰমে পৰিমাণ বৃদ্ধি পাবলৈ ধৰে৷ ১২ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী নিজ কন্যাগৰাকীক যৌন নিৰ্যাতন চলাই আহিছে বিগতচাৰি বছৰে৷ 

ব্যক্তিজনৰ পত্নীয়ে জানিবলৈ দিয়া মতে, নিশা শোৱাৰ সময়ত নিজ কন্যাক যৌন নিৰ্যাতন চলায় পিতৃয়ে৷ যোৱা তিনি-চাৰি বছৰে এই কাণ্ড সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে৷ প্ৰথম অৱস্থাত সেয়া লক্ষ্য কৰা হোৱা নাছিল৷ কিন্তু পিছত দেখা যায় যে প্ৰায় প্ৰতি নিশাই পৰিয়ালৰ সকলোবোৰ সদস্য টোপনিত নিতাল মৰাৰ পিছত পাষণ্ড পিতৃয়ে নিজ কন্যাক শৰীৰত হাত দিয়ে৷ 

বহু কেইদিন তেওঁক দুস্কাৰ্য সংঘটিত কৰা অৱস্থাত হাতে লোটে ধৰা পেলোৱা বুলিও মন্তব্য কৰে পত্নীয়ে৷ আনহাতে পাষণ্ড পিতৃয়ে কন্যাগৰাকীক বিদ্যায়লৰ পৰা আনিবলৈ গৈ পথতে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা চলোৱা বুলিও জানিবলৈ দিয়ে বিদ্যালয়ৰ এগৰাকী পৰিচাৰিকাই৷

অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৫১১ ধাৰা আৰু পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।