newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰায় ৪ বছৰে এগৰাকী পিতৃয়ে যৌন নিৰ্যাতন চলাই আহিছে নিজ কন্যাক৷ এগৰাকী ৫০ বছৰীয়া ব্যক্তিৰ এনে লজ্জাজনক কাণ্ডৰ বিৰুদ্ধে থিয় দিছে পত্নীয়ে। পত্নী আৰু বিদ॥ালয়ৰ পৰিচাৰিকাৰ অভিযোগৰ ভিত্তিত সোমবাৰে গাজিয়াবাদৰ ইন্দিৰাপুৰ আৰক্ষীয়ে আটক কৰে পাষণ্ড ব্যক্তিজনক৷
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চলিত বৰ্ষৰ আৰম্ভণিতে চাকৰি হেৰুৱায় নৰেন্দ্ৰ নেগি নামৰ ব্যক্তিজনে৷ তাৰ পিছৰে পৰা নিজ কন্যাক যৌন নিৰ্যাতন কৰিবলৈ ধৰে আৰু ক্ৰমে পৰিমাণ বৃদ্ধি পাবলৈ ধৰে৷ ১২ বছৰীয়া অষ্টম শ্ৰেণীৰ ছাত্ৰী নিজ কন্যাগৰাকীক যৌন নিৰ্যাতন চলাই আহিছে বিগতচাৰি বছৰে৷