গুৱাহাটীঃ সমগ্ৰ ৰাজ্য পবিত্ৰ বৰদিনৰ আনন্দ উলাহত ব্যস্ত হৈ থকা সময়তে সোমবাৰে নিশা ৰাজ্যত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাগৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়৷ ৰাজ্যত ঘন কুঁৱলি তথা ৰাজ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে ৰাজ্যক খনত প্ৰায়ে বহু লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷
আনহাতে একাংশ উদণ্ড চালকৰ মইমতালি তথা মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতো নিতৌ বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে৷ ৰাজ্যৰ চৰকাৰ তথা ৰাজ্যৰ প্ৰশাসনে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ ৰাজ্যৰ পথ সমূহৰ ভয়াবহ অৱস্থাই এতিয়া কাল হৈছে ৰাজ্যবাসীৰ বাবে৷