59
ডিফুঃ কাৰ্বি স্বায়ত্ত পৰিষদৰ সচিব ডেভিদ তিমুঙৰ আজি মৃত্যু হয়৷ ডেভিদ তিমুঙ গুৱাহাটীৰ জিএনআৰচি হস্পিতালত ভৰ্তি হৈ আছিল৷ তিমুঙ কিছুদিনৰ পৰা মেলেৰীয়া, উচ্চ ৰক্তচাপৰ ৰোগত আক্ৰান্ত হৈ আছিল৷
যোৱা নিশা প্ৰায় ৪-৩০ বজাত প্ৰয়াত ডেভিদ তিমুঙ হস্পিতালতেই শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তিমুঙে পত্নীৰ লগতে দুটি সন্তান এৰি থৈ যায়৷ প্ৰয়াত তিমুঙ ১৯৯২ বৰ্ষৰ অসম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷