ওদালগুৰিঃ ওদালগুৰি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বহস্পতিবাৰে এখন NRC সন্দৰ্ভত সভা অনুষ্ঠিত কৰে প্ৰশাসনে। এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নাগৰিকৰ সৈতে আলোচনা কৰে প্ৰশাসনে। উপায়ুক্ত দিলীপ কুমাৰ দাসে আঁত ধৰা সভাত ৩১ ডিচেম্বৰৰ নিশা ১২ বজাত প্ৰকাশ পাবলগীয়া খচৰা জিলাখনৰ ৪৫টা কেন্দ্ৰত উপলদ্ধ হ’ব বুলি কয়।
ৰাইজে নিজৰ কেন্দ্ৰ সমূহত খচৰাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব বুলি কৈ কেন্দ্ৰৰ সমীপৰ বিদ্যালয়তো খচৰা ৰখাৰ ব্যৱস্থা কৰিব বুলি কয় উপায়ুক্তই। খচৰাৰ কাম চোৱাচিতা কৰিবলৈ স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান, ছাত্ৰনেতা আদিক সহায়ৰ বাবে নিয়োগ কৰিব বুলি কয়। গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আৰু পঞ্চায়ৰ প্ৰমাণ পত্ৰ পৰীক্ষণ কৰি থকাৰ বাবে কিছু নাম প্ৰথম খন তালিকাত নাহিব পাৰে বুলি কৈ দ্বিতীয় খন তালিকাত আহিব বুলিও কয়৷