newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে৷ ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে নতুন নতুন আইন প্ৰৱৰ্তন কৰিছে যদিও ৰোধ হোৱা নাই এনে অমানুষিক ঘটনাৰ৷

সমগ্ৰ দেশত ধৰ্ষণৰ কাণ্ডই তোলপাৰ লগাই থকা সময়তে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপিত হ’ল খোদ আৰক্ষীৰ বিৰুদ্ধে৷ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত হয় ধৰ্ষণৰ অভিযোগ৷

জানিব পৰা মতে, এগৰাকী মহিলা কনিষ্টবলৰ কন্যাক ধৰ্ষণ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷ ২৩ বছৰীয়া নিৰ্যাতিতা যুৱতীগৰাকীয়ে লিখিত অভিযোগত উল্লেখ কৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহৰ ভিতৰত তেওঁৰ ওপৰত কেইবাৰো যৌন নিৰ্যাতন চলাই আহিছে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীয়ে৷

চাকৰি দিয়াৰ প্ৰলোভন দি আৰক্ষী  আয়ুক্তই যুৱতীগৰাকীক কেইবাবাৰো ধৰ্ষণ কৰা বুলি যুৱতীগৰাকীয়ে থানাত অভিযোগ দাখিল কৰে৷ যুৱতীগৰাকীৰ অভিযোগৰ পিছতে অভিযুক উপ আৰক্ষী অধীক্ষক গৰাকীক কৰ্মৰ পৰা সাময়িক নিলম্বন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷