61
newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা৷ দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই মানৱতাক লজ্জানত কৰিছে৷ ধৰ্ষণ প্ৰতিৰোধৰ বাবে চৰকাৰে নতুন নতুন আইন প্ৰৱৰ্তন কৰিছে যদিও ৰোধ হোৱা নাই এনে অমানুষিক ঘটনাৰ৷
সমগ্ৰ দেশত ধৰ্ষণৰ কাণ্ডই তোলপাৰ লগাই থকা সময়তে এইবাৰ ধৰ্ষণৰ অভিযোগ উত্থাপিত হ’ল খোদ আৰক্ষীৰ বিৰুদ্ধে৷ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত হয় ধৰ্ষণৰ অভিযোগ৷