newsnextone.com | ডিজিটেল ডেস্কঃ সীমাৰ সীপাৰৰ শত্ৰুপক্ষক ধৰাশয়ী কৰিবলৈ এক নতুন পৰিকল্পনা হাতত লৈছিল ভাৰত চৰকাৰে। তেজস মানৱবিহীন যুঁজাৰু বিমান নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ভাৰত চৰকাৰে। ঘৰুৱাভাৱে নিৰ্মিত হ'বলগা এই লঘু ওজনৰ যুঁজাৰু বিমানখন সুদক্ষ কৰি তুলিব পৰা যায় তাকে লৈ চিন্তা-চৰ্চাৰ অন্তত নিজ দেশত খুব কম সময়ৰ ভিতৰতে তেজস নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিলে যদিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিজ দেশত নিৰ্মিত তেজস কিনিবলৈ গৈ পিছুৱাই অহাই নহয় তদন্ত সমিতি পৰ্যন্ত গঠন কৰিব লগা হয়৷

ভাৰত চৰকাৰে নিজ দেশত নিৰ্মাণ কৰা তেজস যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ পিছুৱাই আহিব লগাৰ কাৰণ হৈছে মূল্য৷ সকলো ৰেকৰ্ড ভংগ কৰি দেশত নিৰ্মিত তেজসৰ উচ্চ দাম দেখি পোনচাটেই তদন্ত সমিতি গঠন কৰিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। মেক ইন ইণ্ডিয়া আঁচনিৰ অধীনত নিৰ্মিত দেশীয় যুঁজাৰু বিমানৰ দাম সামৰিক সা-সামগ্ৰী নিৰ্মাণ কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগে মূল্য বৃদ্ধি কৰাত চিন্তিত হৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ দাম বৃদ্ধিৰ কাৰণ চালি-জাৰি চাবলৈ তদন্ত কৰিব খুজিছে। 

দৰাচলতে ২০১৭ চনৰ ডিচেম্বৰ মাহত বেংগালুৰুস্থিত হিন্দুস্থান এৰ’নেটিকচ্ লিমিটেডক ভাৰতীয় বায়ুসেনাই ৮৩ খন তেজস মাৰ্ক-১এ নিৰ্মাণৰ ব্যয়ৰ প্ৰস্তাৱ দাখিল কৰিবলৈ দিছিল। পূৰ্বতে তেজস মাৰ্ক-১ যুঁজাৰু বিমান প্ৰতিখনত ৩৬৩ কোটি টকাত ক্ৰয়ো কৰিছিল ভাৰত চৰকাৰে। কিন্তু এইবাৰ আগৰখনৰ উন্নত সংস্কৰণ তেজস মাৰ্ক-১এ খনৰ দাম অস্বাভাৱিকভাবে উচ্চ কৰাত হতভম্ব হৈ পৰে বায়ুসেনা বাহিনী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়।

চলিত বৰ্ষৰ এপ্ৰিল মাহত এৰ’নেটিকচ্ লিমিটেডে প্ৰতিখন বিমানৰ বাবদ ৪৬৩ কোটি টকা নিৰ্ধাৰণ কৰে। খাপচৰা দাম দেখি স্তম্ভিত হৈ পৰা মন্ত্ৰালয়ে কয় যে কোম্পানীটোৱে ইয়াতকৈ অত্যাধুনিক ৰাছিয়ান চুখই যুঁজাৰু বিমান ৪১৫ কোটিত যোগান ধৰে। চুইডিছ গ্ৰিপেন আমাক ৪৫৫ কোটিত দিয়াৰ বাবে সৈমান হৈছিল চুইডেনে। এফ-১৬ থিৰাং কৰা হৈছিল ৩৮০ কোটিত। 

তেজস মাৰ্ক-১ যদি ১০০ কোটি টকা কম মূল্যত যোগান ধৰা হৈছিল, তেন্তে তাৰে উন্নত সংস্কৰণত দাম বৃদ্ধি হোৱাত চিন্তিত প্ৰতিৰক্ষা মন্ত্ৰালয়। এনেদৰে দেশীয় সামৰিক নিৰ্মাণৰ ৰাজহুৱা খণ্ডৰ কোম্পানীৰ চৰা দামক লৈ চিন্তিত হৈ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য উপদেষ্টা (ব্যয়)ক মুৰব্বী হিচাপে লৈ এই বিষয়টো চালি-জাৰি চোৱাৰ বাবে এখন সমিতি গঠন কৰি দিয়ে। আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে সমিতিয়ে নিজা প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনৰ ভিত্তিত মন্ত্ৰালয়ে কমাৰ্চিয়েল নেগ’চিয়েছন সমিতি গঠন কৰি দেশীয় যুঁজাৰু বিমানৰ দাম কম কৰোৱাৰ চেষ্টা কৰিব।