চাবুৱাঃ ডিব্ৰুগড জিলাৰ ঐতিহ্যমণ্ডিত চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে কেবাটাও দল-সংগঠনৰ উত্তাল প্ৰতিবাদ৷ একাংশ ছাত্ৰীক মহাবিদ্যালয় খনৰ মুল গেটৰ সন্মুখতে বাইকত অহা একাংশ যুৱকে ভাবুকি দি আঁতৰি যোৱাৰ ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত ক্ষোভ হৈ পৰে ছাত্ৰ-ছাত্ৰ তথা স্থানীয় দল-সংগঠন৷ যুৱক কেইজনক আটক কৰি শাস্তি বিহাৰ লগতে দোষীক আটক কৰাৰ দাবীত শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে৷
অধ্যক্ষগৰাকীয়ে নিজ মহাবিদ্যালয়ৰ ছাত্ৰীক ভাবুকি দিয়াৰ পিছতো ঘটনাক লৈ নীৰৱ হৈ থকাৰ লগতে ব্যাপক দুৰ্নীতি সংঘটিত কৰা অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ভাৰতৰ ছাত্ৰ ফেডাৰেচন, মটক যুৱ-ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰীসকলে অধ্যক্ষৰ মইমতালি নচলিব, ছাত্ৰ-ছাত্ৰীক নিৰাপত্তা দিব নোৱাৰা অধ্যক্ষ হায় হায়, দুৰ্নীতিগ্ৰস্থ অধ্যক্ষক নিলম্বন কৰক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।