newsnextone.com | খেৰণিঃ হোমৰ জুইক সাক্ষী কৰি লখিমি কৰি লৈ অনা পত্নীয়ে যেতিয়া পৰকীয়া প্ৰেমৰ মোহ মায়াত মাতৃয়ে ‘দেৱতা’ মানিবলৈ শিকাই দিয়া স্বামীক হত্যা কৰে, তেতিয়াই হয়তো বিশ্বাসৰ চৰম অৱমাননা হয়৷ অৰ্ধাংগিনী অভিহিত পত্নীয়ে স্বামীক দেৱতা জ্ঞান কৰা উচিত বুলিও এক প্ৰথা আছিল৷ থিক তেনেদৰে স্বামীয়েও পত্নীক সন্মান আৰু মৰ্যাদা প্ৰদান কৰিলে সংসাৰ সুখৰ হয় বুলি কোৱা হৈছিল৷
কিন্তু বৰ্তমান সময়ত যেন সকলো ওলেটা হৈ পৰিছে৷ স্বামীক হত্যা কৰি পত্নীয়ে পৰকীয়া প্ৰেমক উচ্চ কৰা, বা স্বামীয়ে পত্নীক হত্যাৰ পথৰ পৰা আতৰ কৰি আন কোনো নাৰীক আকোৱালি লোৱা দৃশ্য সততে দেখিবলৈ পোৱা যায়৷ যিয়ে বিশ্বাসৰ এনাজৰীডাল চিঙি পেলায়৷