newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ কেন্ট এলেকাত এগৰাকী সেনা মেজৰৰ পত্নীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, মেজৰ পত্নীয়ে শনিবাৰে পুৱা ১০ বজাত ফিজিঅ’থেৰাপিৰ বাবে আৰ্মী হস্পিতাললৈ গৈছিল৷

কিছু সময় পিছত যেতিয়া ড্ৰাইভাৰে মহিলাগৰাকীক আনিবলৈ হস্পিতাললৈ যোৱাত জানিব পাৰে যে মহিলাগৰাকী ফিজিঅ’থেৰাপিৰ বাবে অহাই নাছিল৷ সন্ধিয়া ৪ বজালৈ মহিলাগৰাকী ঘৰলৈ উভটি নহাত মেজৰ স্বামীয়ে স্থানীয় আৰক্ষী থানাত পত্নী সন্ধানহীন হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শনিবাৰে এগৰাকী মহিলা পথ দুৰ্ঘটনাত নিহত হোৱা বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছিল৷ যেতিয়া আৰক্ষীয়ে নিৰীক্ষণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় তেতিয়া নিশ্চিত হয় যে  সেয়া দুৰ্ঘটনা নহয়, মহিলাগৰাকীক ডিঙি ৰেপি হত্যা কৰা হৈছিল৷ 

মৃত মহিলাগৰাকীৰ বয়স ৩৫ বছৰ বুলি জানিব পৰা গৈছে৷ মহিলাগৰাকীক ব্যক্তিগত কাৰণত হত্যা কৰা বুলি ঘটনাৰ তদন্তকাৰী আৰক্ষী বিষয়াই সন্দেহ প্ৰকাশ কৰি অনুসন্ধান অব্যাহত ৰাখিছে৷ 

মহিলাগৰাকীয়ে পৰিধান কৰি থকা আ-অলংকাৰ সমূহ লুট পাত নহোৱা আৰু মহিলাগৰাকীৰ পোছাক আদিলৈ চাই মহিলাগৰাকীক বলাৎকাৰ আৰু লুটপাটৰ বাবে হত্যা কৰাৰ অভিযোগ আৰক্ষীয়ে খাৰিজ কৰিছে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন লোকক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷