কামপুৰঃ চৌদিশে কেৱল হত্যা-হিংসা। জীৱ শ্ৰেষ্ঠ মানৱৰ মৃত্যু এতিয়া যেন তেনেই সহজ৷ ৰাজ্যখনৰ এঠাইত যদি ছাত্ৰৰ আনঠাইত বৃদ্ধৰ, আন কোনো ঠাইত আকৌ উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ৷ এনে পৰিপ্ৰেক্ষিতত জীৱন আৰু সম্পত্তিৰ নিৰপত্তাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল৷

ইয়াৰ মাজতে নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চেঙাজানত বৃহস্পতিবাৰে পুৱা গছত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ।

বুধবাৰে কামপুৰ বকুলগুৰিত এজন নৱম শ্ৰেণীৰ ছাত্ৰক হত্যা কৰি কপিলী নৈৰ পাৰত পেলাই থোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই বৃহস্পতিবাৰে পুনৰ কামপুৰ চেঙাজানত গছত বান্ধি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

ৰফিকুল ইছলাম নামৰ লোকজনক দুৰ্বত্তই হত্যাৰ কৰি গছত বান্ধি থোৱাৰ সন্দেহ পৰিকাশ কৰিছে স্থানীয় ৰাইজে।

পুৱা লোকজনৰ মৃতদেহ গছত বান্ধি থোৱা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হয়। জানিব পৰা মতে ৰফিকুল ইছলাম শহুৰেকৰ ঘৰত বসবাস কৰিছিল। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কোনো লোকক এই পৰ্যন্ত আটক কৰা নাই।