60
লংকাঃ হোজাই জিলাৰ লামডিঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কোনো অজ্ঞাত লোকে হত্যা কৰি সম্পূৰ্ণ উলংগকৈ মাটিত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰকৈ লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
এই কৰুণ তথা মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে লামডিঙৰ এক নম্বৰ হাটীখুলি ৰবৰ বাগানত। ঘটনাৰ সন্দৰ্ভত পোৱা প্ৰাপ্ত খবৰ অনুসৰি, লামডিং আৰক্ষী চকীৰ অন্তৰ্গত লামডিঙৰে নিৰজলা দাস নামৰ এগৰাকী মহিলাই বুধবাৰে খৰি আনিবলৈ বুলি জংঘললৈ ওলাই গৈছিল।