64
কামপুৰঃ নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিজ জৰাবাৰীত কপিলী নৈৰ পাৰত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
যুৱকজন জৰাবাৰীৰ উমা চাংমা বুলি চিনাক্ত কৰা হৈছে। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হোৱালৈ চাই কোনো দূৰ্বৃত্তই হত্যা কৰি কপিলীৰ পাৰত পেলাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।