প্ৰতীকি ফটো
প্ৰতীকি ফটো

নগাঁওঃ ধহমহাই বহি উঠিল সাঙীত বগা কাপোৰেৰে ঢাকি থোৱা মৃতদেহ। অবিশ্বাস্য এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। প্ৰাপ্ত বাতৰি মতে, আজি পুৱা জুৰীয়া ষ্টেশ্যন ৰোড নিবাসী তপন পাল নামৰ লোকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়াসকলক খবৰ দিয়ে। লগে লগে সকলোৱে আহি মৃতদেহ শ্মশানলৈ নিবলৈ যো-জা চলায়।

মৃতদেহত ধৰ্মীয় পৰম্পৰা অনুসৰি মেৰিয়াই দিয়া হয় বগা কাপোৰ। তাৰ পিছত সৎকাৰৰ বাবে খেৰ-খৰি, সাঙী আদি আন যাৱতীয় সা-সামগ্ৰী গোটোৱাত ব্যস্ত হৈ পৰিল সকলো। যা-যোগাৰ সম্পূৰ্ণ হোৱাত মৃতদেহটো সাঙীত তোলা হ’ল। এনেদৰে সকলো স্বাভাৱিকভাৱেই আগবাঢ়িছিল। কিন্তু সাঙীখন দাঙি শ্মশানলৈ যাত্ৰা কৰিবলৈ লওতেই হঠাৎ আগমন ঘটে এজাক মুষলধাৰ বৰষুণৰ।

কলহৰ কাণেৰে পানী ঢলা সদৃশ বৰষুণ জাক দেখি সকলোৱে মৃতদেহ চোতালতে এৰি বাৰান্দালৈ উঠি আহে। সেই সময়তে সংঘটিত হয় এক বিস্ময়কৰ ঘটনা। বৰষুণ বতৰত শ্মশানলৈ কেনেকৈ নিয়া হ’ব, কেনেকৈ কোন সময়ত সৎকাৰ কৰা হ’ব, বৰষুণ এৰালৈ বাট চাব নে নাই আদিৰ বিষয়ে গুণা-গথা কৰি থাকোতেই সেই আশ্চৰ্যজনক ঘটনা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে সকলো। 

কিয়নো সকলোৰে চকুৰ সমুখতে বৰষুণৰ পানী পাই মেৰিয়াই থোৱা বগা কাপোৰ দলিয়াই ধহমহকৈ সাঙীৰ ওপৰতে উঠি বহে শ্মশানলৈ নিবলৈ ওলোৱা মৃত লোকজন। মৃত্যু হোৱা বুলি ভবা লোকজন এনেদৰে জীয়াই উঠাত সেই সময়ত তাত উপস্থিত থকা লোকসকলৰ মাজত হুৱা-দুৱা লাগে। বহুতে ভয় খাই সেই স্থানতে কপি উঠে। তাৰ মাজতে এজন সাহসী লোকে ততাতৈয়াকৈ ১০৮ৰ সেৱালৈ ফোন কৰি চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। বৰ্তমান মৃত বুলি ভাবি শ্মশানলৈ নিবলৈ ওলোৱা লোকজন চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এইদৰে এজাক বৰষুণে ৫০ উৰ্ধৰ মৃত লোকজনক জীৱন দান দিয়া ঘটনাই এতিয়া জুৰীয়াৰ লগতে সমগ্ৰ নগাঁও জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে স্থানীয় একাংশ লোকে জানিবলৈ দিছে যে, লোকজনে প্ৰায়ে অত্যাধিক সুৰাপান কৰে। এনেদৰে আন দিনাৰ দৰে শনিবাৰেও অত্যাধিক সুৰাপান কৰি দীৰ্ঘসময় ধৰি সংজ্ঞাহীন হৈ পৰাত পৰিয়ালৰ লোকে লোকজনৰ মৃত্যু হোৱা বুলি ধাৰণা কৰি ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। অৱশেষত বৰষুণৰ পানী পৰাৰ সময়তে লোকজনে সংজ্ঞা ঘূৰাই পাই বুলি অনুমান কৰা হৈছে।