নগাঁওঃ ধহমহাই বহি উঠিল সাঙীত বগা কাপোৰেৰে ঢাকি থোৱা মৃতদেহ। অবিশ্বাস্য এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ জুৰীয়াত। প্ৰাপ্ত বাতৰি মতে, আজি পুৱা জুৰীয়া ষ্টেশ্যন ৰোড নিবাসী তপন পাল নামৰ লোকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে ওচৰ-চুবুৰীয়াসকলক খবৰ দিয়ে। লগে লগে সকলোৱে আহি মৃতদেহ শ্মশানলৈ নিবলৈ যো-জা চলায়।
মৃতদেহত ধৰ্মীয় পৰম্পৰা অনুসৰি মেৰিয়াই দিয়া হয় বগা কাপোৰ। তাৰ পিছত সৎকাৰৰ বাবে খেৰ-খৰি, সাঙী আদি আন যাৱতীয় সা-সামগ্ৰী গোটোৱাত ব্যস্ত হৈ পৰিল সকলো। যা-যোগাৰ সম্পূৰ্ণ হোৱাত মৃতদেহটো সাঙীত তোলা হ’ল। এনেদৰে সকলো স্বাভাৱিকভাৱেই আগবাঢ়িছিল। কিন্তু সাঙীখন দাঙি শ্মশানলৈ যাত্ৰা কৰিবলৈ লওতেই হঠাৎ আগমন ঘটে এজাক মুষলধাৰ বৰষুণৰ।