newsnextone.com | বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ আত্মাস্বৰূপ, মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ একান্ত সেৱক, বৈষ্ণৱ পণ্ডিত, বটদ্ৰৱা থানৰ মূল নামলগোৱা, প্ৰধান আতৈ, কেৱলীয়া ভকত সদ্য-প্ৰয়াত যোগেশ আতৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে সোমবাৰে গুৰুজয়ন্তী সন্দৰ্ভত অনুষ্ঠিত হবলগীয়া বটদ্ৰৱা থান পৰিচালনা সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকখন বাতিল কৰা হয়৷
যোৱা ১৭ আগষ্ট নিশা ১০.২০ মিনিটত পৰলোকলৈ গমন কৰা আতৈগৰাকীৰ স্মৃতিত সোমবাৰে এখনি সভা অনুষ্ঠিত কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে আতৈৰ পূণ্যাত্মাৰ চিৰশান্তি কামনাৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়৷