অভয়াপুৰীঃ অভয়াপুৰী থানাৰ অন্তৰ্গত উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰত আজি এটি মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হৈছে। আজি দুপৰীয়া উত্তৰ শালমাৰাৰ মহাদেৱ পাহাৰৰ মহাময়া মন্দিৰৰ সমীপত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি ততালিকে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
উল্লেখ্য যে, মৃতদেহটোৰ লগত উদ্ধাৰ হোৱা মোবাইলৰ ছিম কাৰ্ডৰ জৰিয়তে আৰক্ষীয়ে যোগাযোগ কৰাত মৃতদেহটো ঘিলাগুৰী নিবাসী জগদীশ বিশ্বাসৰ পুত্ৰ নীলকমল বিশ্বাস (১৭) বুলি চিনাক্তকৰণ হয়। ইপিনে মৃতদেহটোৰ কাষত এখন মোনা ,কিছু কাপোৰ আৰু খেতি পথাৰত ব্যৱহাৰ কৰা কীটনাশকৰ এটি বটল আৰক্ষীয়ে উদ্ধাৰ কৰে।