অভয়াপুৰীঃ আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী কাকৈজানাৰ শিমলীগুৰী গাঁৱৰ ককেয়া নৈত অৰ্ধগলিত অৱস্থাত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
প্ৰাপ্ত তথ্য মতে আজি দিনৰ ভাগত কাকৈজানাৰ শিমলিগুৰী গাঁৱৰ মাজেৰে বৈ যোৱা ককেয়া নৈত কেইগৰাকীমান মাছমৰীয়াই মাছ মাৰিবলৈ আহি এটি মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। খবৰ পায়েই ততালিকে উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।