মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু সোণাই ৰূপাই অভয়াৰণ্যৰ কাষেৰে বৈ যোৱা গাভৰু নদীৰ বালিচৰত আজি এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে বৃহত্তৰ মিছামাৰী অঞ্চলৰ ৰিকামাৰী গাঁৱৰ বাসিন্দা বুধুৰাম উৰাঙৰ পুত্ৰ ৰমণী উৰাং (২৪) যোৱা শনিবাৰে ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দয়াল পুৰ গাঁৱত বিশেষ কামত গৈছিল।
ঘৰৰ পৰা ওলাই যোৱাৰ দিনাৰ পৰাই ৰমণী উৰাং মোবাইলৰ জৰিয়তে ঘৰৰ পৰিয়াল বোৰৰ সৈতে যোগাযোগ ঠিকেই ৰাখিছিল। কিন্তু বৃহস্পতি বাৰৰ পৰা ৰমণীৰ মোবাইল যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ মাজতে যোৱাকালি শুক্ৰবাৰে পৰিয়াল বৰ্গলৈ আহিল দুঃ খবৰটো । ৰমণী উৰাং যিখন গাৱঁলৈ গৈছিল সেইখন গাঁৱৰ এজন লোকে ৰমণী উৰাঙ গাভৰু নদীৰ বালিচৰত মৃত অৱস্থাত পৰি থকা বুলি পৰিয়াল বৰ্গক মোবাইল যোগে খবৰ দিয়ে।