ওদালগুৰি/জাজৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে ওদালগুৰিত বিভিন্ন দল-সংগঠনে ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোক শিল্পী দিৱস হিচাপে পালন কৰে। ওদালগুৰি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত স্থানীয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰা হয়।
পুৱা ১১বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷ ইয়াৰ পাছত বিভিন্ন কৰ্মচাৰীসকলৰ মাজত জ্যোতি সংগীত প্ৰতিযোগিতাৰ লগতে “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ গীতত দেশপ্ৰেম” শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৫ বজাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-মাতৰ এক কাৰ্যসূচী অনুষ্ঠিত হব।