ডিফুঃ এগৰাকী বৃদ্ধাৰ হাতত ধৰি পদপথেৰে খোজকাঢ়ি আহি আছে এজন যুৱক৷ দেখিলে এনে লাগে তেওঁলোক যেন ভাগৰুৱা, অসহায়৷ বৃদ্ধাগৰাকী আৰু যুককজনৰ পিছে পিছে আন এগৰাকী মহিলা আৰু যুৱকেও পদপথেৰে খোজকাঢ়িছে৷
মানুহৰ সমাগম কোলাহলক লৈ তেওঁলোকৰ যেন ভ্ৰক্ষেপ নাই ৷ বৃদ্ধাৰ হাতত ধৰি থিৰ স্থিৰে খোজকাঢ়িছে যুৱকজনে৷ মুখমণ্ডলত হতাশাৰ ছাঁ স্পষ্ট হৈ পৰা যুৱকজন হঠাৎ পদপথত বহি দিলে৷ বৃদ্ধাগৰাকীয়ে সাৱটি ধৰি বাৰে বাৰে যুৱকজনক বুকুৰ মাজত সুমুৱাই লৈ ঠিয় কৰাব খুজিছে৷ চকুৰ লোটক মচি বৃদ্ধাগৰাকীয়ে যুৱকজনক বুজাব খুজিছে যে তেওঁ ভাঙি পৰা নাই৷