53
বোকাজানঃ বিশিষ্ট সমাজকৰ্মী শিক্ষাবিদ, লেখক তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন বৰাৰ আজি ৯০ বছৰ বয়সত হাওৰাঘাটৰ নিজ বাসভৱনত মৃত্যু হয়৷
মৃত্যুৰ সময়ত পত্নী এজন পুত্ৰ সন্তান ইহসংসাৰত এৰি থৈ যায়৷ জিতেন বৰাই হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে হাওৰাঘাটৰ বৌদ্ধিক, সামাজিক, ধৰ্মীয় আদি বিভিন্ন অনুষ্ঠানত সৈতে জড়িত আছিল৷