নতুন দিল্লীঃ দেশত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১৩ জনলৈ। ভাইৰাছবিধত দেশত এতিয়ালৈ আক্ৰান্ত হৈছে ৬৫০ জনৰো অধিক লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে আক্ৰান্তসকলৰ ৪২ জন লোক সুস্থ হৈ পুনৰ ঘৰলৈ উভতিছে।
বৃহস্পতিবাৰে পুৱাৰ ভাগতে কৰ’নাত প্ৰাণ হেৰুৱাই ২ জনকৈ লোকে। ইয়াৰে এজন মহাৰাষ্ট্ৰৰ আৰু আনজন হৈছে জম্মু-কাশ্মীৰৰ। চৰকাৰী সূত্ৰই সদৰী কৰা অনুযায়ী শ্ৰীনগৰৰ এখন চৰকাৰী চিকিৎসালয়ত ৬৫ বৰ্ষীয় কাশ্মীৰি লোক এজনৰ আজি পুৱাই মৃত্যু হয়। এয়া হৈছে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা কাশ্মীৰৰ প্ৰথমটো ঘটনা।