61
কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ এগৰাকী টেট শিক্ষয়িত্ৰীক লাগে আপোনাৰ সহায়। ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগা হৈছে শিক্ষয়িত্ৰীগৰাকীয়ে। ফুলৰ দৰে মন এটা লৈ ফুৰা মানৱ সম্পদ গঢ়াৰ খনিকৰগৰাকীক এতিয়া আপোনাৰ সহায়ৰ প্ৰয়োজন৷ নাম তেওঁৰ দেৱযানী দত্ত৷
আৰ্থিক দৈন্যতাই বাধা প্ৰদান কৰিছে দেৱযানীৰ চিকিৎসাত৷ যাৰ বাবে দেৱযানীয়ে সুহৃদ ৰাইজৰ সহায় বিচাৰিবলগীয়া হৈছে৷ দেৱযানীক এটি জীৱন উপহাৰ দিয়াৰ স্বাৰ্থত সাহায্যৰ প্ৰয়োজন৷