60
newsnextone.com | নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ খঁৰাগড়ৰ ঘোঁৰাচোৱা গাঁৱৰ এজন ছাত্ৰৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰে। নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ স্নাতক প্রথম বৰ্ষৰ দ্বীপ বৰুৱা নামৰ ছাত্ৰজনৰ সোমবাৰে নিজ ঘৰতে মৃত্যুক আকোৱালি লয়।
নামতিৰ খঁৰাগড়ৰ ঘোঁৰাচোৱা গাঁৱৰ ভূপেন বৰুৱাৰ পুত্ৰ দ্বীপ বৰুৱাৰ সোমবাৰে পুৱতি নিশা হঠাৎ বুকুৰ বিষ হয়। ছাত্ৰজনক পিতৃ-মাতৃয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও পথতে মৃত্যুক আকোৱালি লয়।