61
তেজপুৰ টাউনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঁড়, বাঘ, হাতীৰ হত্যা হৈ অহাৰ সময়তে সোমবাৰে এখন গাঁৱৰ ৰাইজে এটি পহুত সুৰক্ষিত কৰিবৰ বাবে কেইবা ঘন্টা ব্যস্ত হৈ পৰা দেখা যায়৷
শোণিতপুৰ জিলাৰ বালিপৰাৰ সৰুপাটগাঁৱত সোমবাৰে এটি পহু উদ্ধাৰ হয়৷ সৰুপাটগাঁৱৰ একাংশ লোকে স্থানীয় পথাৰত পহুটোক বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে৷