গোলকগঞ্জঃ নামনি অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত কোমৰাকাটা গাঁৱত পাহাৰৰ পৰা নামি অহা এটা হৰিণা কোনো লোকে হানি-খুচি নিধন কৰাৰ চাঞ্চল্য মাৰনৌযাওঁতেই পুনৰ আন এটা হৰিণা উদ্ধাৰ হয় ৰাজ্যত৷
এইবাৰ ৰাইজে জীৱন্তে হৰিণা উদ্ধাৰ কৰিছে ধুবুৰী জিলাৰ গোলকগঞ্জৰ বানীয়ামাৰীৰ শিকাইটাৰীত৷ শনিবাৰে পুৱা পাহাৰৰ পৰা নামি অহা হৰিণাটো উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৰাইজে। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বানীয়ামাৰীৰ শিকাইটাৰী গাঁৱত হৰিণাটোৱে মাকৈ খেতিত ঘুৰি থকা প্ৰত্যক্ষ কৰিছিল ৰাইজে।