বাহাকাবাৰীঃ সাংবাদিক অহাৰ উমান পাই দৌৰিছে কেইজনমান মানুহ৷ পিছ ফালে চাবলৈ আহৰি নাই তেওঁলোকৰ৷ বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰা মানুহ কেইজনে বাঘক ভয় নকৰিলেও সাংবাদিকক দেখি দৌৰি পলাই সাৰে৷ সাংবাদিকৰ কেমেৰাত বন্দী হোৱাৰ ভয়তে তেওঁলোক দৌৰিছে৷

নগাঁৱৰ কামপুৰৰ বৰপানী বনাঞ্চলত সাংবাদিকক দেখি দৌৰিবলৈ আৰম্ভ কৰে অবৈধ কাঠ মিলৰ গৰাকী, কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে। কামপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীয়ে দপদপাই থকাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে সোমবাৰে নগাঁৱৰ এটি সাংবাদিকৰ দলে বনাঞ্চলখন ভ্ৰমণ কৰে।

চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলখনৰ বহু মূল্যবান গছ-গছনি কাটি তহিলং কৰা দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে বনাঞ্চলৰ ভিতৰত কাঠফলা মিলত কাঠ কাটি থকা প্ৰত্যক্ষ কৰে সাংবাদিকৰ দলে। সাংবাদিকৰ দলটোক প্ৰত্যক্ষ কৰি কাঠ মিলৰ গৰাকী, কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে পলাই পত্ৰং দিয়ে৷

আনহাতে বনাঞ্চলখনত গছ-গছনিৰ পৰিৱৰ্তে দেখা যায় শ শ জুপুৰি ঘৰ। একাংশ লোকে ব্যাপক বেদখল কৰিছে বৰপানী বনাঞ্চল। ইমানৰ পাছতো নীৰৱ ভূমিকা পালন কৰি আহিছে বন বিভাগে। কংগ্ৰেছৰ ১৫ বছৰৰ শাসন কালত ধ্বংস আৰম্ভ হোৱা বৰপানী বনাঞ্চলৰ বনজ সম্পদৰ ধ্বংস কাৰ্য আজিও অব্যাহত থকাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে। 

৩৩ হাজাৰ হেক্টৰ ভূমিৰ বৰপানী বনাঞ্চল খন এতিয়া বেদখলকাৰী আৰু চোৰাং কাঠ বেপাৰীৰ কবলত পৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰকৃতি প্ৰেমী তথা সচেতন মহলে বনাঞ্চলখনক ধ্বংস গৰাহৰ পৰা বচাবলৈ ৰাজ্য চৰকাৰ তথা বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক দাবী জনাইছে।